Skip to main content
Monash Public Library Service

এমুঠি -সাগৰ

Work
এমুঠি-সাগৰ কিতাপখন মোৰ জীৱনৰ অনুভূতি আৰু আৱেগক সাহিত্য আকাৰে সমাজৰ সন্মুখত দাঙি ধৰাৰ এক বিনম্ৰ প্ৰচেষ্টা মাথোঁ। বহু বছৰ ধৰি মই ছেগা-চোৰোকাকৈ কবিতা লিখোঁ যেতিয়া অনুভূতি মোৰ হৃদয় স্পন্দন ৰ পৰা ওলাই শব্দৰ আকাৰ লয়। সময়ৰ চক্ৰত মই বহুতো কবিতা হেৰাইছো যদিও,অন্তৰৰ আৱেগৰ পৰা কিছু অনুভৱ গোটাই "এমুঠি-সাগৰ" ৰ সংকলন হিচাপে উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিছোঁ। হৃদয়ত উৎপন্ন হোৱা ভাৱনাবোৰ মুখেৰে যেতিয়া প্ৰকাশ কৰিব নোৱাৰা হৈ পৰে তেতিয়া সেইবোৰে মনৰ সাগৰত ঢৌ তুলিবলৈ আৰম্ভ কৰে আৰু আলফুলে পাৰ ভাঙে মনৰ নিজান কোঠালিত। তেতিয়াই হৃদয়ৰ কোনোবা এক নিভৃত কোণত গুপুতে সৃষ্টি হয় ভাৱনাৰ খলকনি আৰু জন্ম হয় কবিতাৰ লানি। "এমুঠি -সাগৰ" ৰ প্ৰতিটো কবিতাই মোৰ অন্তৰৰ অনুভূতি আৰু অনুভৱ যাক শব্দৰ দ্বাৰা সজাবলৈ চেষ্টা কৰা হৈছে। "এমুঠি -সাগৰ" কবিতা সংকলন খনত গতানুগতিক জীৱনৰ ভাল -বেয়া, আশা-নিৰাশা, হেঁপাহ, আকাংক্ষা, খং-অভিমান, প্ৰেম-ভালপোৱা, হাঁহি -ধেমালি আদি ভাববোৰৰ সমাহাৰৰ লগতে সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু আধ্যাত্মিক দৰ্শনৰ দিশৰ প্ৰতিফলন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। মোৰ সামান্য অভিজ্ঞতাৰ ভিত্তিত জীৱন নামৰ স্ৰোতস্বিনী নদীৰ পৰা এতিয়ালৈকে যিখিনি আহৰণ তথা আয়ত্ব কৰিবলৈ সক্ষম হৈছোঁ তাৰেই এটি ক্ষুদ্ৰ সৃষ্টিৰাজি প্ৰস্তুত কৰি উলিয়াইছোঁ। আশা কৰোঁ মোৰ কবিতাবোৰে পাঠকৰ জীৱনলৈ প্ৰাসংগিকতা অনাৰ লগতে হৃদয় স্পৰ্শ কৰিব। সদৌটি শেষত, সশ্ৰদ্ধ পাঠকবৃন্দ সকলক সন্মানেৰে প্ৰণিপাত জনালোঁ। কিতাপখন সম্পাদনা কৰি উলিয়াবলৈ যিখিনি সুহৃদ বন্ধুৱে মোক সহায় কৰিলে তেওঁলোকলৈ সবিনয়ে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পুথি খনত ৰৈ যোৱা ভুল-ত্ৰুটি সমূহ আঙুলিয়াই দিয়াৰ লগতে নতুন সৃষ্টিৰ বাবে প্ৰেৰণা তথা উদ্গনি জগাব বুলি আশা ৰাখিলোঁ।
Main title:
এমুঠি -সাগৰ
Date Published:
2022
Language:
EnglishAssamese
Clear current selections
items currently selected
View my active Pick list
0Items in my active Pick list